Video není dostupné.
Omlouváme se.

ৰূপক তাল বজাবলৈ শিকোঁ আহক | ৰূপক তাল | খোলবাদন |

Sdílet
Vložit
  • čas přidán 7. 08. 2024
  • ৰূপক তাল বজাবলৈ শিকোঁ আহক | ৰূপক তাল | খোলবাদন |
    খোল বাদ্যৰ তাল সমুহৰ ভিতৰত অন্য এক গুৰুত্বপূৰ্ণ তাল হৈছে "ৰূপক তাল " । বৰগীত আৰু ভাওনাৰ চৰিত্ৰ প্ৰৱেশৰ ক্ষেত্ৰত এই তাল বজোৱা হয়। বৰদোৱা আৰু কমলাবাৰী থুলত ইয়াৰ বোলা -বাজনাৰ বাদন শৈলী কিছু পৃথক। এই দুয়োটা থুলৰ বোলা এনে ধৰণৰ __
    ১) গা মান : দাওদিত দাওদিত / খ্ৰিখ্ৰিদিত খ্ৰিখ্ৰিদিত ধিন
    ঘাট : তাওতাক তাও/ ধেইদাও তাধেনিতা ধেনিদাও তাতাখিতা ধিন/ ধেইদাও খ্ৰিখ্ৰিতাক ধিনথাক ধেই
    চোক : ধেৰখিতা ধেৰখিতা খিতা খিতা....….( ইয়াৰ পিছত ঘাট বজাব)
    ২) গা মান - ধেইদাও ধেইদাও তিনদাখ্ৰিখ্ৰি দাওদিত দাও।
    ঘাট : ধেইদাও তাধেনিতা ধেনিদাও / তাতাখিতা ধেৰখিতা ৰিধিনাও / তাতাখিতা ৰিধিনাও ৰিধিনাও / তিনদাখ্ৰিখ্ৰি দাও দিত দাও।
    #assam

Komentáře • 29

  • @parthibvlogs2306
    @parthibvlogs2306 Před 4 měsíci +1

    Dharam jyoti tal khn dbo plzz ❤

  • @koustovjyotibora4904
    @koustovjyotibora4904 Před 7 měsíci +4

    Dharam Jyoti taal khon dibo

  • @bhikhonmuhon7009
    @bhikhonmuhon7009 Před 5 měsíci +1

    অতি সুন্দৰ পৰিৱেশন দাদা, অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আপোনালৈ

  • @DJAXOM705
    @DJAXOM705 Před 15 dny +2

    সুন্দৰভাৱে বুজাই দিছে । বুজিবলৈ বৰ সুবিধাজনক হৈছে । কৃষ্ণ🙏🙏🙏
    প্ৰভূ, ৰূপক তাল খন আমাৰ ঠাইভেদে অলপ পৃথক পৃথক ভাৱে বজোৱা দেখা যায় । ভাঙনি অৰ্থাৎ ঘাত ডোখৰ মই উল্লেখ কৰিছো, কিমানখিনি শুদ্ধ জনাবচোন ।
    "থেই থেই তাধেনিতা খিতি দাও
    তাতাখিতা ধেৰখিতা ধেইদাও তাতাখিতা দিধিনাক ধেই , তিনদা খ্ৰিখ্ৰি নাওদিদ দাওঁ ।"

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 14 dny +1

      হয় বাপ 🙏🏻 এইটো কমলাবাৰী থুলৰ ঘাট। আমি বৰদোৱা থুলৰ বজাইছো।

  • @tarunhazarika5776
    @tarunhazarika5776 Před 3 měsíci +2

    কৃষ্ণ। শইকীয়া ডাঙৰীয়া, আপোনালৈ অশেষ শ্ৰদ্ধা নিবেদিছোঁ। এনে অমূল্য ৰতন সমুহ আপোনাৰ পৰা পাই থাকিম বুলি আশা কৰিলোঁ।

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 3 měsíci +1

      কৃষ্ণ হাজৰিকা বাপ 🙏🏻 আপোনাক অশেষ ধন্যবাদ জনাইছো

  • @prakashborah7207
    @prakashborah7207 Před 7 měsíci +1

    Bhal lagil

  • @KuinBhuyan-pf1tw
    @KuinBhuyan-pf1tw Před 7 měsíci

    Bohut val lagil . Dhonyobad

  • @Ajit-fj9be
    @Ajit-fj9be Před 4 měsíci

    আপোনাৰ খোল বাদ্যৰ video চাই খোল শিকি আছো বহুত ভাল হৈছে সহজেই বুজি পাইছো মহাশয় ধন্যবাদ

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 4 měsíci

      🙏 অশেষ ধন্যবাদ

    • @Ajit-fj9be
      @Ajit-fj9be Před 4 měsíci

      মহাশয় কিতাপ আনিলে খোল বাদ্যৰ কোনখন কিতাপ ভাল হব

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 4 měsíci

      খোলৰ কিতাপ কেইবাখনো আছে, তাৰ ভিতৰত গোলাপ মহন্ত দেৱৰ কিতাপ কেইখন ল'ব পাৰে।

  • @kashmiribora5413
    @kashmiribora5413 Před 4 měsíci

    Dharam jeuti khon dibo

  • @tarunhazarika5776
    @tarunhazarika5776 Před 4 měsíci

    শইকীয়া ডাঙৰীয়া প্ৰথমে আপোনালৈ অশেষ শ্ৰদ্ধা নিবেদিছোঁ। আপোনাৰ খোলৰ ভিদিঅ' সমুহে আমাক অনেক পেৰণা আৰু উৎসাহ যোগাইছে। 🙏🙏

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 4 měsíci

      অতিশয় আনন্দিত হৈছো। ব্যস্ততাৰ মাজতে ন-শিকাৰু সকলৰ বাবে প্ৰস্তুত কৰা ভিডিঅ' সমুহৰ দ্বাৰা আপোনাৰ দৰে বহুজন উপকৃত হোৱাত আমাৰ কষ্ট সাৰ্থক হোৱা বুলি ভাবিছো আৰু অনাগত দিনত চৰ্চা অব্যাহত ৰখাৰ প্ৰেৰণা পাইছো। 🙏🏻 ধন্যবাদ

  • @user-sj3vw8vm2x
    @user-sj3vw8vm2x Před 16 dny

    নতুন তাল সমূহ আগবঢ়াব বুলি আশা কৰিলোঁ

  • @pocogpubg7100
    @pocogpubg7100 Před 7 měsíci

    kotha ata hudhibole asil.. apunar dhul tur sound tu bohut val lage mur..apunartur nisina same sound ulua dhul ata bisari asu.. kot pam, keneke bisaru olop kobo neki?.aigidinote ata kina kotha ase... moiu golaghatore lora...

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 7 měsíci

      Moi Kuralguri r pora loisu, dokan khon hol Sriguru Badya Bhandar tate posondar Dhol pabo

    • @pocogpubg7100
      @pocogpubg7100 Před 7 měsíci

      @@TeamLohorGolaghat ok..dboinyobad

  • @Debajit_884
    @Debajit_884 Před 7 měsíci +2

    গোপালে কি গতি কৈলে বৰগীতটিত বজোৱা তাল খন দিবচোন 🙏

  • @bulangogoi6864
    @bulangogoi6864 Před 7 měsíci

    ভাল লাগিল, অনাগত দিনতো এনেদৰে আপোনাৰ ভিডিও পাই থাকিম বুলি আশা কৰি ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালো।

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 7 měsíci

      ধন্যবাদ আপোনাকো ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো 🙏🏻

  • @Assame.dhemaji22
    @Assame.dhemaji22 Před 4 měsíci

    সঁচাকৈ আকৰ্ষণীয় লাগিছে মই এতিয়াই subscribe কৰিছোঁ আপুনি ধনজেওঁতি তাল ভাগ অলপ আওৰাই দিবচোন

  • @mkvlogsdhemaji1297
    @mkvlogsdhemaji1297 Před 6 měsíci

    যুদ্ধ বাজনা এখন দিবচোন