শ্বহীদ প্ৰণামো তোমাক (SWAHID PRONAMO TUMAK) BHUPEN HAZARIKA LYRICAL

Sdílet
Vložit
  • čas přidán 14. 06. 2019
  • SWAHID PRONAMO TUMAK
    শ্বহীদ প্ৰণামো তোমাক
    শ্বহীদ প্ৰণামো তোমাক
    লুইতৰ পাৰৰে তুমি ডেকা লʼৰা
    তুমিয়েতো বুকু পাতি দিলাঁ
    ভাৰতীৰ নুমলী জীক বচাবলেʼ
    তুমিয়েতো মৃত্যু বৰিলাঁ।
    শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক।
    বিংশ শতিকাৰ
    অষ্টম দশকৰ
    নতুন পুৰুষ অগণন
    জাতিৰ স্বকীয়তা ৰাখিবলেʼ
    অহিংসাৰে কৰা ৰণ
    তুমিয়েতো দানৱীয় শক্তিক কিছু
    যুক্তিৰ মৰ্ম শিকালাঁ
    ভাৰতীৰ নুমলী জীক বচাবলেʼ
    তুমিয়েতো মৃত্যু বৰিলাঁ। শ্বহীদ প্ৰণামো তোমাক ...
    তুমি শ্বহীদ হʼলা
    তুমি সূৰ্য হʼলাঁ
    যি অসমলেʼ প্ৰভাত আনিব
    তুমি শ্বহীদ হʼলা
    তুমি ধুমুহা হʼলা
    যি বৰদৈচিলা হৈ ৰʼব
    তুমি অনাগত সংগ্ৰামী সৈন্যৰ
    আঁচনিৰ অস্ত্ৰ হʼলা।
    ভাৰতীৰ নুমলী জীক বচাবলেʼ
    তুমিয়েতো মৃত্যু বৰিলাঁ।
    শ্বহীদ প্ৰণামো তোমাক ...
    তুমি প্ৰতি মাতৃৰ
    প্ৰতি ভাগিনীৰ
    প্ৰতি পিতৃৰে গৌৰৱ
    তুমি ন্যায়ৰ গাণ্ডীৱধাৰী অৰ্জুন
    পলাতক যত কৌৰৱ।
    লুইতৰ বহমান পানীক তেজেৰে
    অধিক বলীয়ান কৰিলাঁ
    ভাৰতীৰ নুমলী জীক বচাবলেʼ
    তুমিয়েতো মৃত্যু বৰিলাঁ।
    শ্বহীদ প্ৰণামো তোমাক ...
    সৌভাগ্য আমাৰ
    আমাৰ জীৱনত
    তুমিয়ে জনম লভিলাঁ
    দুৰ্ভাগ্য আমাৰ
    আমাক জীয়াবলেʼ
    অকালতে মৃত্যু বৰিলাঁ।
    বিশ্বগতিৰ চক্ৰত লৱৰিও
    মাতৃক আগুৰিলাঁ
    ভাৰতীৰ নুমলী জীক বচাবলেʼ
    তুমিয়েতো মৃত্যু বৰিলাঁ।
    শ্বহীদ প্ৰণামো তোমাক..
    শ্বহীদৰ ত্যাগ
    আৰু ৰঙা ৰক্তক
    যেয়ে দিব খোজে অপবাদ
    আগ্নেয় মন্ত্ৰ উচ্চাৰি তাৰ
    দেশে দিব নিতে প্ৰতিবাদ
    কʼব: কুসুম কোমল চিত্তলোকত
    মানৱ তন্ত্ৰ থাপিলাঁ
    ভাৰতীৰ নুমলী জীক বচাবলেʼ
    তুমিয়েতো মৃত্যু বৰিলাঁ।
    শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক।।
    Copyright Disclaimer Under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, commenting, news reporting, teaching, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use.
    -This video has no negative impact on the original works (It would actually be positive for them)
    -This video is also for teaching purposes.
    -It is not transformative in nature.
    -I only used bits and pieces of videos to get the point across where necessary.
    We make these videos with the intention of educating others in a motivational/inspirational form. We do not own the clips and music we use in most cases. Our understanding is that it is in correlation to Fair Right Use, however given that it is open to interpretation, if any owners of the content clips would like us to remove the video, we have no problem with that and will do so as fast as possible. Please message us on CZcams or Facebook if you have any concerns.
    We believe these videos are fair use because:
    They are transformative in a positive sense, we take clips from various sources to help create an atmospheric feeling that will help people in hard situations in their life.
    We also do not wish to use the heart of any piece of work that would perhaps decrease the market value of the original content, if anything we hope to promote the content so that people can reach out and subsequently increase the market value.
    Lastly these videos are to educate people in an entertaining fashion. Given these are very short videos, the short parts we use within them act as a catalyst to further reading

Komentáře • 418

  • @ranudevi6930
    @ranudevi6930 Před rokem +4

    জিয়ে জুখি জুখি দেশৰ হকে আৰু আমাৰ বাবেই ছহিদ হল তেওঁলোকৰ ওচৰত হাজাৰ প্ৰনামো

  • @pranabjyotidas220
    @pranabjyotidas220 Před 2 lety +14

    শব্দ ভাষা সুৰৰ কি যে অপূৰ্ব সমাহাৰ! যিমান শুনিলেও আমনি নালাগে।সকলো শ্বহীদক প্ৰণাম ।

  • @rubimohan4779
    @rubimohan4779 Před 2 lety +45

    বৰ ভাল লাগে এই গীতটি । চকু পানী ওলাই যায় ।

  • @jugalchandradas9801
    @jugalchandradas9801 Před 2 lety +6

    জয় আই অসম

  • @uddhabkalita1860
    @uddhabkalita1860 Před 3 lety +13

    হে শ্বহীদ প্ৰানামো তোমাক
    জয় আই অসম ✊ ✊ ✊

  • @rekhadutta3241
    @rekhadutta3241 Před 3 lety +12

    ভূপেন হাজৰিকা দেৱলৈ শত কোটি প্ৰণাম

  • @dsonowal2233
    @dsonowal2233 Před 2 lety +4

    ভূপেন দা, তোমাক কৌটি কৌটি প্ৰণাম.....…

  • @bornalotadas454
    @bornalotadas454 Před 3 lety +48

    হে শ্বহীদ তোমাক প্ৰণাম, শত কোটি প্রণাম 🙏🙏🙏

  • @zgloverrinkuriyan5604
    @zgloverrinkuriyan5604 Před 3 lety +9

    শ্বহীদ প্ৰনামো তোমাক 🙏🙏

  • @sarbeswargogoi3283
    @sarbeswargogoi3283 Před 3 lety +37

    ভূপেনদা হিয়াভৰা শ্ৰদ্ধাৰে , তোমাৰ গীত আৰু তুমি অমৰ হ'লা .....

  • @Niranjanbokxi
    @Niranjanbokxi Před rokem +4

    বহুত ভাল লাগিল শুনি❤️

  • @chandorabarman824
    @chandorabarman824 Před 3 lety +5

    শ্ৰদ্ধাৰে প্ৰণামো তোমাক ।

  • @madhurjyaborah255
    @madhurjyaborah255 Před 3 lety +42

    অসমী আইৰ হকে প্ৰাণ দিয়া সকলো শ্বহীদ লৈ শত কোটি প্ৰণাম ।

  • @lakshidas4763
    @lakshidas4763 Před 2 lety +4

    ভূপেনদা আকৌ জন্ম লোৱা গান শুনাবলৈ ।

  • @saratchandraroyprodhani985
    @saratchandraroyprodhani985 Před 2 lety +10

    বিংশ শতাব্দীৰ আশীৰ দহকৰ অসমৰ জুইয়ে পোৰা বতৰ,শ্বহীদৰ তেজেৰে ৰাঙলী অসম... !! 🙏..শ্বহীদ প্ৰণামো তোমাক..!! 🙏

  • @gsranga4259
    @gsranga4259 Před rokem +2

    শহীদ তোমাকে শশ্রদ্ধ অভিবাদন।
    হে শহীদ, তোমার রক্তের প্রতিটি ফোঁটায় আমার জীবন সংগ্রাম একাত্নতা।
    তোমার আত্নত্যাগ জাতিকে পথ দেখিয়েছে।
    চেয়ে দেখ শহীদ, আজ তোমাকে ভুলে আমরা এক বর্বর ও আমানুষ হয়ে গেছি।
    হত্যা,খুন, সন্ত্রাস, ঘুষ, লুট, বেহায়াপনায় আমরা আকন্ঠ ডুবে আছি।
    এসো হে শহীদ, তুমি আবারো এসো।
    মুক্ত করো মোদের, জাগ্রত করো বিবেক।
    হাজরিকা স্যারকে স্যালুট।
    বাংলাদেশ থেকে......

  • @rebochutia2585
    @rebochutia2585 Před 3 lety +7

    কোটি কোটি প্ৰণাম

  • @tinanath8479
    @tinanath8479 Před 2 lety +2

    gantu hunilei dukh lagi jai.. hokolu showhidoloi mur pronam jasilu🙏🙏🙏🙏🙏🙏

  • @ramanhaldar4999
    @ramanhaldar4999 Před 4 lety +76

    আমাৰ হৃদয় চুই যোৱাকৈ তেওঁ বহুতো গীত হৃদয়ঙ্গম কৰিছিল । সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিটো স্মৃতি আমাৰ হৃদয় ত বাৰুকৈয়ে আছে আৰু থাকিব। তেওঁ আজিও আমাৰ মাজত অমৰ হৈ আছে। তেওঁলৈ মোৰ অশেষ প্ৰণিপাত ।।

  • @paranbharadwaz9339
    @paranbharadwaz9339 Před 3 lety +14

    অসম আন্দোলনৰ শ্বহীদ সকলৰ প্রতি আছে অলেখ অযুত শ্ৰদ্ধা।কিন্তু সেই শ্বহীদ সকলৰ বুকুত খোজ দি কেঁচা তেজৰ দালালি কৰি পৰৱৰ্তী সময়ত ৰাজ ভোগ কৰা প্রতিজন মানুহৰ প্ৰতি আছে তীব্ৰ ঘৃণা আৰু খং। কত মানুহে জীৱন ত্যাগ দিলে জাতিৰ কিবা মংগল হব বুলি , কিন্তু সেই ৰাজভোগ কৰা দালাল বোৰে সকলো পাহৰি গল , কেৱল ধন ঘটিলে কেৱল দুৰ্নীতি কৰিলে নিজৰ জীৱনটোক সুৰক্ষিত কৰিলে। কিন্তু শ্বহীদৰ ত্যাগৰ মূল্য কোনে দিব ?? সেই দালাল বোৰক সেয়ে কোনেও আজিৰ দিনৰ কুকুৰ এটাৰ সমানো গুৰুত্ব নিদিয়ে ।

  • @debabrataghosh2129
    @debabrataghosh2129 Před rokem +1

    🙏🏼 শ্বহীদ প্ৰণামো তোমাক

  • @rintudas9446
    @rintudas9446 Před 3 lety +11

    ভূপেন হাজৰিকা দেৱৰ গান সদায় আমাৰ হৃদয়ত থাকিব

  • @mrinmaymedhi3296
    @mrinmaymedhi3296 Před 3 lety +39

    আপোনাৰ কথা আখৰে আখৰে প্ৰতিফলিত হৈ আছে ..
    আপোনাক শিল্পী কম নে ভগৱান 🙏
    আমাৰ পিছত আন বোৰ নোহোৱা হব কিন্তু আপুনি সকোলোৰে অন্তৰত ৰৈ যাৱ

  • @rumichoudhury7620
    @rumichoudhury7620 Před rokem +1

    এইজনা মহান শিল্পীৰ গীত বুকুত লাগি যায় কেতিয়াবা চকুলো নধৰা হয় ❤

  • @Paragjyotideka12
    @Paragjyotideka12 Před 2 lety +7

    জন্মভূমিৰ বাবে প্ৰাণাহুতি দিয়া প্ৰতিজন শ্বহীদলৈ সশ্ৰদ্ধ প্ৰণাম

  • @rafact278
    @rafact278 Před 2 lety +7

    খুব সুন্দৰ এটি গীত

  • @pratibhadevi9042
    @pratibhadevi9042 Před 2 lety +20

    The voice of Bhupen Hazarika has a power to make people happy, strong, honest

  • @gobindadas4094
    @gobindadas4094 Před 4 lety +23

    🌹🌹🌹🙏🙏🙏🌹🌹🌹
    হে মহান শিল্পী, তোমায় যত শুনি
    মুগ্ধ হয়ে শুধু শুনতেই ইচ্ছে করে।
    🙏প্রণামী তোমাররে🙏

  • @dxgames1238
    @dxgames1238 Před 2 lety +4

    জয় আই অসম

  • @AbulHussain-ir1mj
    @AbulHussain-ir1mj Před 4 lety +16

    ধুনীয়া, আটাইত প্রিয় গীত

  • @biswajitdasix-b0345
    @biswajitdasix-b0345 Před 3 lety +63

    জন্ম ভূমিৰ বাবে প্ৰনাহুতি দিয়া শ্বহীদ সকলক শত শত প্ৰণাম।🙏👮👩‍✈️

  • @mitaroy2217
    @mitaroy2217 Před 2 lety +7

    You are really good singer.all time you are my favourite singe frrom childhood. Dr Bhupen Hazarika i salute you.

  • @dxgames1238
    @dxgames1238 Před 2 lety +6

    JAI HIND

  • @dimpalkayshapvlog1099
    @dimpalkayshapvlog1099 Před 3 lety +6

    এইবোৰ গাণ শুনিলে গাৰ নোম শিয়ঁৰি উঠে তেজ পিৰপিৰাই উঠে

  • @user-pb9tz6pv5d
    @user-pb9tz6pv5d Před 3 lety +5

    সুন্দৰ গীত ।

  • @apurbabhagawati4288
    @apurbabhagawati4288 Před 2 lety +1

    আপোনাৰ গান শুনিলে চকু পানি ওলাই

  • @RAHUL-zk9vz
    @RAHUL-zk9vz Před 11 měsíci +3

    The voice of honesty❤❤

  • @premandrabordoloi892
    @premandrabordoloi892 Před 4 lety +8

    Bhupen da aponak sat sat pranam.

  • @sisthervlog7290
    @sisthervlog7290 Před 2 lety +2

    শ্বহীদ প্ৰনামো তুমাক
    বহুত ভাল লাগিল গানটো

  • @pranjalsaikiaR16
    @pranjalsaikiaR16 Před 2 lety +1

    এইসকল মহান ব্যক্তিৰ ত্যাগৰ গ‌ইনা লৈ একাংশ‌ই এতিয়া শোষণ কৰি আছে ।

  • @Niroja_das
    @Niroja_das Před 4 lety +324

    অসমী আইৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ সকল আপোনালোকক প্ৰনাম। ভূপেনদা আপোনালৈও শত শত প্ৰনাম। কি বুলি ধন্যবাদ দিম আপোনাক , মই যে শব্দৰ দুখীয়া । হৃদয়ত আপোনাৰ গীতবোৰ বাজি থাকে সদায়।

  • @JPK485
    @JPK485 Před 2 lety +3

    সুন্দৰ গীত পৰিৱেশন ❤️

  • @rupamsaikia6127
    @rupamsaikia6127 Před 4 lety +50

    🙏🙏🙏আপোনাক সহচ্র প্রণাম👏👏👏

  • @jimidas5495
    @jimidas5495 Před 4 lety +8

    বহুত ভাল লাগিল গানটো শুনি

  • @alexchannels7376
    @alexchannels7376 Před 2 lety +8

    Power fully voice🙏💞

  • @rantukalita7659
    @rantukalita7659 Před 4 lety +34

    জাতীয় চেতনা জাগ্রত কৰিবৰ বাবে ভুপেন হাজৰিকা দেবৰ গীতেই যথেষ্ট।

  • @saminmayur4088
    @saminmayur4088 Před 2 lety +5

    Very sad song,my favourite one,,miss you,

  • @kishorharijan1533
    @kishorharijan1533 Před 3 lety +5

    বহুত বহুত ধন্যবাদ ছাৰ আপোনাক, আমাৰ অসমৰ প্ৰথম হিযাৰ আমথু আপুনি, জয় আই অসম **

  • @cmsharma3896
    @cmsharma3896 Před rokem +2

    শ্ৰদ্ধাৰে প্ৰণাম জনালোঁ

  • @unitedguruji7552
    @unitedguruji7552 Před 4 lety +97

    সচাকৈ আপোনাৰ গান শুনি থাকিলে শুনি থাকিবলৈ মন যায়। আপোনাৰ প্ৰতিটো গান এই মোৰ ভাল লাগে।

  • @hafizahmed5392
    @hafizahmed5392 Před 3 lety +2

    জুই লাগি যায় অন্তৰত

  • @dimpalkayshapvlog1099
    @dimpalkayshapvlog1099 Před 3 lety +14

    আজিকালি যিমান গাণ নোলাওক কিয় এইবোৰ গাণৰ স্হান সদায়ে আগত জিলিকি থাকিব

  • @AbulHussain-sp9qc
    @AbulHussain-sp9qc Před 2 lety +6

    I love this song

  • @palashgaming2046
    @palashgaming2046 Před 4 lety +59

    A great salute to all the Martyrs of the Not only Assam or India. But the whole world.

  • @A.M.T925
    @A.M.T925 Před rokem +1

    হে শহীদ তোমাকে প্রণাম, তোমাকে প্রণাম।

  • @nibransonowal9182
    @nibransonowal9182 Před 2 lety +1

    শ্ব'হীদ কোটি কোটি পনামো তোমাক

  • @mobarakali5078
    @mobarakali5078 Před 3 lety +4

    Jetia aponar gaan axomiyai xune tetia khati axomiyar gaat lage emotional hoi jau. Sohid never die . 🙏🙏🙏

  • @indranimedhi1375
    @indranimedhi1375 Před 4 lety +9

    Bahut Sundar Gan Dr.Bhupen Hazarika Debe Upahar disa Assam basi raijak.Bhupen dar Atmai Santi Laval tarai kamanara

  • @mayurdeepvlogs1091
    @mayurdeepvlogs1091 Před 4 lety +4

    হিয়া মন চুই যোৱা গীত সচাকৈ |

  • @salmabegum3162
    @salmabegum3162 Před 3 lety +3

    Evergreen bhupen hazarika hodai hoi thakibo.

  • @bidyutbaishya8534
    @bidyutbaishya8534 Před 2 lety +1

    Joi aai akhom....

  • @pabitrabaishya3757
    @pabitrabaishya3757 Před 4 lety +40

    salute ....one of my heart touching song ,also salute to those Martyrs of Asom.

  • @shimantaborah8943
    @shimantaborah8943 Před 3 lety +3

    শ্বহীদ প্রণামো তোমাক

  • @bikash3500
    @bikash3500 Před 3 lety +9

    শ্বহীদ প্ৰণামো তোমাক

  • @kamalchandradeka1474
    @kamalchandradeka1474 Před 4 lety +76

    অমৰ হওক এইবোৰ গান।

  • @mathbaba7849
    @mathbaba7849 Před rokem +1

    জয় আই অসম 🙏🏻🇮🇳

  • @mridupabonnath2266
    @mridupabonnath2266 Před 4 lety +21

    জই ভুপেন দা

  • @bishwadas7650
    @bishwadas7650 Před 8 měsíci +1

    কি যে কন্ঠ।
    আজিকালিৰ গয়কও পাত্তা নাপাই।

  • @deepakkalita8078
    @deepakkalita8078 Před 3 lety +3

    Bhupen Da bhut miss kri aso apunar abihone axamt bihu Adhurua.. 😭😭😭😭

  • @sanidulhoque3099
    @sanidulhoque3099 Před 4 lety +12

    bhupen hazorika song khuni choku pani dhore rakhibo nuwaarelo aru moi mugdho

  • @santanusaikia2797
    @santanusaikia2797 Před 3 lety +21

    Some thrilling sense comes in heart listening this song. Pranaam to our martyrs and our great Bhupen Daa.

  • @poetry_pulse2705
    @poetry_pulse2705 Před 7 měsíci +1

    সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী🙏🙏🙏

  • @sankardewri2371
    @sankardewri2371 Před 3 lety +3

    Joi ai axm love you all song . My favorite song. My favorite singer . apuni Amar monot siro din jiai thakibo

  • @ankurjyotiborah1235
    @ankurjyotiborah1235 Před 2 lety +1

    Hosake dei jai ai assam

  • @babulbora9456
    @babulbora9456 Před 4 lety +4

    ভাল লাগীছে

  • @pankajsarma7085
    @pankajsarma7085 Před 3 lety +3

    শ্বহীদ প্ৰনাম

  • @RuhulAmin-ko9cu
    @RuhulAmin-ko9cu Před 3 lety +6

    My favourite song

  • @riyaak5482
    @riyaak5482 Před 2 lety +1

    ছহীদ প্ৰনাম তোমাক 😭😭😭😭😭😭😭

  • @abhijitdebnath5194
    @abhijitdebnath5194 Před 3 lety +3

    Jai aai axom, bharat mata ki jay

  • @achyotborah4770
    @achyotborah4770 Před 4 lety +3

    Joi aai axom

  • @pallavideka9085
    @pallavideka9085 Před 4 lety +28

    প্ৰণামো তোমাক ।

  • @gangadharramchiary2212
    @gangadharramchiary2212 Před rokem +1

    INSPIRING AND ENERGETIC VOICE AND TUNE. SALUTE TO BHUPENDA

  • @Sophie77772
    @Sophie77772 Před 3 lety +7

    সঁচাকৈ আজি আপুনি যদি আমাৰ মাজত জীয়াই থাকিল হয় 😞❤️

  • @digantanath9774
    @digantanath9774 Před 3 lety +16

    Immortal song with lyrics immortal

  • @parthaprotimxyz363
    @parthaprotimxyz363 Před 2 lety +4

    miss you legend 😭😭❤️❤️

  • @deltanmirchadeori694
    @deltanmirchadeori694 Před 3 lety +3

    এই সংগীত শুনিলে আগষ্ট মাহ ২০১৩ চনলৈ মনত পৰি আহে

  • @tanu4526
    @tanu4526 Před 3 lety +2

    ভূপেন দাৰ গানৰ সকলো কথাই বৰ্তমানত ঘটি আছে

    • @tanu4526
      @tanu4526 Před 3 lety +1

      ভূপেন হাজৰিকাৰ সকলো গান শুনি মনটো বৰ ভাল লাগে আৰু তেওঁ বৰ ভাল মানুহ আছিল সেই বাবে তেওঁক শ্ৰৰ্ধাৰে সোৱৰিছোঁ

  • @pranabkalitamalik5124
    @pranabkalitamalik5124 Před 4 lety +6

    Supar song

  • @jayanath4885
    @jayanath4885 Před 3 lety +1

    ভাল লাগিল

  • @rajkumarsarania2007
    @rajkumarsarania2007 Před 4 lety +26

    Dhunia lagise

  • @HiramoniDeka-bj5ok
    @HiramoniDeka-bj5ok Před 8 měsíci +1

    Xuni thakile xuni thakibor mon jai😘🤗🙋🇳🇪🇳🇪🇳🇪🇳🇪🇳🇪🇳🇪🇳🇪🇳🇪

  • @navajyotikonwar9752
    @navajyotikonwar9752 Před 4 lety +2

    So nice song bhupendra

  • @kunalbarman4517
    @kunalbarman4517 Před rokem

    Sahid pranamo tumak💐

  • @horenrajkhowa5823
    @horenrajkhowa5823 Před 3 lety +2

    অসমৰ। আইৰ

  • @jayantabhagabati7410
    @jayantabhagabati7410 Před 2 lety +1

    শ্বহীদ প্ৰণামো তোমাক।

  • @dharitimoran4711
    @dharitimoran4711 Před 4 lety +1

    Bhupen da apunak bohut bohut dhonyebad😀😀😀😀😀😀😀😀😀😀😀👮👮👮👮👮👮👮👮👌👌👌👌👌👌👌👌👌💪💪💪💪💪

  • @nilutpalnathforever2448
    @nilutpalnathforever2448 Před 2 lety +5

    Really old is gold❤️❤️💛💛

  • @bikashdas6721
    @bikashdas6721 Před 4 lety +4

    Aji apuni thakile geetor majere val upadekh palu hai kijani jiye ei durjogor xamayat bahut prerona dile heten.

  • @balendas4511
    @balendas4511 Před 2 lety

    Salutemyswahidgodblessyou

  • @punyahazarika8154
    @punyahazarika8154 Před 4 lety +6

    jai aai axom