বোলছবি গীত 🌹আধুনিক গীত 💖Sadabahar Song 🌹 Super Hits Assamese Song🌹Purani Geet 💕Filmi Sang

Sdílet
Vložit
  • čas přidán 10. 05. 2024
  • ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত ‘জয়মতী’ চলচ্চিত্ৰই মুকলি কৰিছিল এখন নতুন দুৱাৰ। ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ চতুৰ্থখন সবাক চলচ্চিত্ৰ হিচাবে চিহ্নিত ‘জয়মতী’ৰ সমসাময়িকভাৱে দেশৰ অন্যান্য প্ৰান্ততো ঠন ধৰি উঠিছিল বিভিন্ন আঞ্চলিক ভাষাৰ সবাক চলচ্চিত্ৰৰ উদ্যোগসমূহ। সেয়াই আছিল আৰম্ভণি।
    চল্লিশৰ দশকত ১৯৩৫ চনৰ পাছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘ইন্দ্ৰমালতী’, ৰোহিনী কুমাৰ বৰুৱাৰ ‘মনোমতী’, পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ ‘ৰূপহী’, কমল নাৰায়ন চৌধুৰীৰ ‘বদন বৰফুকন’, সুৰেশ চন্দ্ৰ গোস্বামীৰ ‘ৰুণুমী’, ফণী শৰ্মাৰ ‘চিৰাজ’য়ে অসমীয়া চিনেমাৰ ধাৰাটোক আগবঢ়াই লৈ যায়।
    পঞ্চাশৰ দশকটোৱে আৰম্ভ কৰিছিল অসমীয়া চিনেমাৰ সাফল্যৰ এক নতুন ধাৰা। ফণী শৰ্মা পৰিচালিত ‘পিয়লি ফুকন’-য়ে পোনপ্ৰথমবাৰৰ বাবে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে স্বীকৃতি লাভ কৰে। যশস্বী পৰিচালক নিপ বৰুৱা পৰিচালনা কৰা প্ৰথমখন চিনেমা আছিল ‘স্মৃতিৰ পৰশ’। এইটো দশকতে বিখ্যাত সংগীতজ্ঞ ড: ভূপেন হাজৰিকাই পৰিচালিত ‘এৰা বাটৰ সুৰ’-য়ে অসমীয়া চলচ্চিত্ৰ জগতত আৰম্ভ কৰে এক আধুনিক ধাৰা। ১৯৫৯ চনত পশ্চিমবংগৰ চলচ্চিত্ৰ নিৰ্মাতা প্ৰভাত মূখাৰ্জীৰ ‘পূবেৰুণ’-য়ে প্ৰথমবাৰৰ বাবে লাভ কৰে আন্তৰ্জাতিক স্বীকৃতি।
    ষাঠি আৰু সত্তৰ দশকত বহুকেইখন জীৱনীমূলক চিনেমাৰ লগতে বিভিন্ন ধাৰাৰ চিনেমাৰ বিকাশ ঘটে। সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ ‘মনিৰাম দেৱান’, নিপ বৰুৱাৰ ‘নৰকাসুৰ’, ড: ভূপেন হাজৰিকাৰ সাংগীতিক সৃষ্টি ‘শকুন্তলা’ৰ লগতে ‘প্ৰতিধ্বনি’, ‘লটিঘটি’, ‘চিকমিক বিজুলী’ আদি চিনেমায়ে ভূমুকি মাৰে। লগতে নিৰ্মাণ হয় প্ৰথমখন অসমীয়া খুহুতীয়া চিনেমা ব্ৰজেন বৰুৱাৰ ‘ইটো সিটো বহুতো’। ব্ৰজেন বৰুৱাৰ প্ৰথমখন অসমীয়া থ্ৰীলাৰ হিচাবে ‘ড: বেজবৰুৱা’ই অসমীয়া চিনেমাৰ বাণিজ্যিক দিশত সংযোজন কৰে এক নতুন ধাৰাৰ। সত্তৰ আৰু আশী দশকত কেইবাখনো অসমীয়া চিনেমাই ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান কঢ়িয়ায়। ১৯৭৬ চনত নিৰ্মিত পদুম বৰুৱাই অসমীয়া চিনেমাত এক নতুন বাস্তৱধৰ্মী চলচ্চিত্ৰৰ সমান্তৰাল ধাৰা এটাৰ সৃষ্টি কৰে। অসমীয়া চিনেমাত পোনপ্ৰথমবাৰৰ বাবে কলাত্মক ধাৰাৰ প্ৰৱৰ্তনেৰে ‘গঙা চিলনীৰ পাখি’ সদায়েই অসমীয়া চিনেমাত এক মাইলৰ খুঁটি হৈ ৰ’ব। আশী দশকতে ড: ভবেন্দ্ৰ নাথ শইকীয়াই ‘সন্ধ্যাৰাগ’ চিনেমাৰ জৰিয়তে চিনেমা জগতত এক সবল খোজ দিয়ে। সত্তৰ আৰু আশী দশকৰ প্ৰায় আটাইবোৰ চিনেমাই আছিল সংগীতমধুৰ। ড: ভূপেন হাজৰিকা, ৰমেন বৰুৱা, জয়ন্ত হাজৰিকা, খগেন মহন্ত আদিৰ সংগীত পৰিচালনাৰে বহুকেইখন অসমীয়া চলচ্চিত্ৰই প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১৯৮২ চনত ‘অপৰূপা’ চলচ্চিত্ৰৰে অসমীয়া চিনেমাজগতত খোজ দিয়ে জাহ্নু বৰুৱাই। পৰৱৰ্তী সময়ত জাহ্নু বৰুৱাৰ ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘ফিৰিঙতি’, ‘সাগৰলৈ বহুদূৰ’, ‘কণিকাৰ ৰামধেনু’ আদিৰে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বঁটা বুটলিবলৈ সক্ষম হয়। সমান্তৰালভাৱে ড: ভবেন্দ্ৰ নাথ শইকীয়াই অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন আদি চিনেমাৰে কলাত্মক চিনেমাৰ ধাৰাটোকো সমানে আগুৱাই নিয়ে। ইয়াৰ লগতে শিৱপ্ৰসাদ ঠাকুৰ, গৌতম বৰা, সঞ্জীৱ হাজৰিকা, মুনীন বৰুৱা, সান্ত্বনা বৰদলৈ, মঞ্জু বৰা আদি চিত্ৰনিৰ্মাতা সকলে তেখেতসকলৰ অৱদানেৰে অসমীয়া চলচ্চিত্ৰৰ ভঁৰাল চহকী কৰে।
    ১৯৩৫ চনৰ পৰা ২০১৮ চনলৈ অসমীয়া চলচ্চিত্ৰৰ এই বৰ্ণিল যাত্ৰাত শেহতীয়াকৈ অসমীয়া চিনেমা এক নতুন ৰূপত উদ্ভাষিত হৈ উঠিছে। যুৱ চলচ্চিত্ৰ পৰিচালক ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্চ’-য়ে অসমীয়া চিনেমাৰ গতিধাৰাক দিছে এক নতুন প্ৰাণ। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত স্বৰ্ণকমল বঁটাৰ লগতে দেশে-বিদেশে বিভিন্ন খ্যাতনামা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত উচ্চ প্ৰশংসিত ‘ভিলেজ ৰকষ্টাৰ্চ’ য়ে অসমীয়া চিনেমাক দিছে এক নতুন পৰিচয়। (সংগ্ৰহ-MyGOV)
    DISCLAIMER : THIS VIDEO IS MADE ONLY FOR ENTERTAINMENT PURPOSES. THERE IS NO ANY INTENTION OF MISUSE OR MODIFICATION OF THE ORIGINAL SONG. THE CREDIT GOES TO THE OWNER OF THE SONG.
    বিৰিণা বনৰে সুহুৰি
    দেখা নাই শুনা নাই
    মৰম লগাই লগাই
    মন হীৰা দৈ
    পিতাইটি ঐ
    এক দুই তিনি চাৰি
    জেতুকা হাতৰে আঙুলি
    ::::: © ::::
    Copyright Disclaimer: Under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favor of fair use.
    #assamesesong #oldsong #music #assamesesongzubeen #zubeengargnewsong #jyotisangeet #assamesesoldsong #assamesekaraoke #treanding #customizedkaraoke #cleankaraoke #viral #status #beharbari #like #musicvideo, #assam, #trending, #danceviral #trending, #reels, #viral, #status, #vlogs, #youtubeshorts, #youtuber, #youtube, #youtubevideo, #tranding, #tending, #assamese, #comedy, #viralsong, #dance, #danceviral, #explore, #entertainment, #reels, #comedy, #cute, #filmsongs #funny #funnyshorts, #geet #highlights, #indianmusician, #india, #krishna, #lovesong, #love, #lovestatus, #lovestory, #music, #masti #newvideo, #online, #onepiece, #popular #relaxing, #romantic, #romanticstatus, #songs, #shortvideo, #status, #subscribe, #support, #instagram,
  • Hudba

Komentáře • 2

  • @arupagomacharyya4067
    @arupagomacharyya4067 Před měsícem +2

    অপূৰ্ব সুন্দৰ গীতৰ সমাহাৰ ।

  • @kusumsharma4537
    @kusumsharma4537 Před měsícem

    Old is gold nice song and sweet voice love you so much 🌹❣️❣️❤️❤️🌹❤️❣️🌺🌺🌺❤️❤️🌹❤️❣️🌺🙏🌺