বিপ্লৱী | Assamese Poem by Amulya Barua |

Sdílet
Vložit
  • čas přidán 30. 08. 2018
  • || বিপ্লৱী ||
    কবি : অমূল্য বৰুৱা , আবৃত্তি শিল্পী : ডঃ অমৰজ্যোতি চৌধুৰী
    ==========================================================
    অমূল্য বৰুৱা (১৯২২-১৯৪৬) :
    অসমীয়া কবিতা তথা সাহিত্যক আধুনিকতাৰ স্পৰ্শ দিয়া কবিৰ ভিতৰত অমূল্য বৰুৱাৰ নাম চিৰস্মৰণীয়। বিৱৰ্তনৰ পথেৰে তেওঁ অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটো বোৱাই লৈ যাব বিছাৰিছিল। সেয়েহে তেওঁক কালান্তৰৰ কবি বুলি কোৱা হয়। এইজনা কবিয়ে ছাত্ৰাৱস্থাতে অসমীয়া কাব্য জগতলৈ এক বৈশিষ্ট্যপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। গতানুগতিকতাক আঁতৰাই থৈ নতুন বিষয়-বস্তুৰ অৱতাৰণাৰে লিখা অমল্য বৰুৱাই, কবিতা জগতত এক আলোড়নৰ সৃষ্টি কৰিছিল। ( * অসমীয়া ৱিকিপিডিয়াৰ পৰা)
    ***************************************************
    " আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস,
    আমাৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ পিনে চকু
    বৰ্তমানৰ নিৰালম্ব নিৰাসক্তিৰ
    বিকৃত জঞ্জাল লই
    জীয়াৰ বুকুত,
    আমাৰ দুৰু দুৰু স্পন্দমান অন্তৰতো আছে
    শতেক ভৰসা ।
    গেলা, দুৰ্গন্ধ, অস্বাস্থ্যকৰ
    হিংসুক পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ
    এই ভঙ্গুঁ পঙ্গুঁ নৰক কেন্দ্ৰিত দেহৰ দুৰ্ভোগ
    আমি
    অন্তৰৰ গতিশীল শক্তিৰ
    পৰম তৃপ্তিত
    দিনে দিনে গংগা স্নান কৰি
    লভিছোঁ মুক্তি ।
    আমি গঢ়িছোঁ নিজৰ ৰূপ,
    সমাজৰ, বিশ্বমানৱৰ সুগভীৰ দৃঢ় সভ্যতা,
    আমাৰ সংস্কৃতিৰ নৱ সাম্য মন্দিৰ
    বিশ্বৰ জনসভাত
    ৰুদ্ধ আত্মৰতি মননশীলতাৰ অন্ধ কাৰাগাৰ গঢ়ি
    আমি নহওঁ ‘নি:সঙ্গঁ সুদূৰ' ।
    স্বৰ্গৰ কোনোবা নন্দন বনত
    আমাৰ বাবে নাই
    মৃত্যুঞ্জয়ী অমৃতৰ গোপন ভাণ্ডাৰ
    আমি মানুহ -
    জাগতিক পঞ্চভূত-জাত আমাৰ
    দীপ্তিমান শৰীৰক লাগে
    নতুন মুকলি নীলা আকাশত হোৱা অৰুণোদয়ৰ
    আল্ট্ৰা ভায়লেট ৰশ্মী,
    পুষ্টি-সাধক অন্নৰ
    তৃপ্তিদায়ক ভৰা থাল ।
    তাৰ বাবে আমি
    উৰ্বৰা মাটিৰ কৰ্মনিষ্ঠ পূজাৰী ।
    আমি যুগ পৰিস্থিতিৰ প্ৰতীক
    বস্তু আৰু আদৰ্শৰ
    দ্বন্দ্বাত্মক গতি
    সংগ্ৰাম লিপ্ত বিপ্লৱী । "
    ***************************************************
  • Hudba

Komentáře • 5