Video není dostupné.
Omlouváme se.

এখন বিয়াক কেন্দ্ৰ কৰি হাহাকাৰ এখন গাওঁত।

Sdílet
Vložit
  • čas přidán 11. 07. 2024
  • এখন বিয়াক কেন্দ্ৰ কৰি হাহাকাৰ এখন গাওঁত।
    কইনাৰ সাজ পিন্ধি দৰাঘৰলৈ যোৱা নহল ছোৱালীজনীৰ।
    প্ৰকৃততে কি হৈছিল এই বিয়াখনত?
    কাৰ কুচক্ৰান্তৰ বলি হ'ল যুৱতীগৰাকী।
    বজালী জিলাৰ কাৱৈমাৰী ১ নং ব্লকত সংঘটিত হৈছে চাঞ্চল্যৰ ঘটনা।
    বিবৰণী অনুসৰি চলিত মাহৰ বিগত ৫ জুলাইত কাৱৈমাৰী ১ নং ব্লকৰ এগৰাকী যুৱতীৰ বিয়া আছিল।
    যুৱতী গৰাকীক কইনা সাজেৰে সজাই নিবলৈ আহিছিল বৰপেটা জিলাৰ কলগাছিয়াৰ দৰা পক্ষই।
    ৫ জুলাইত দৰা পক্ষই কইনাৰ ঘৰলৈ আহিছিল কইনা নিবলৈ। আলোচনা অনুসৰি কইনা তুলি লৈ দৰা ঘৰতে ইছলামিক ৰিতি নীতিৰে সমাপন কৰিব বিবাহ কাৰ্য্য।
    কইনা ঘৰত দৰা পক্ষই খোৱা লোৱা সামৰি গাড়ীত উঠি কইনা লৈ দৰা ঘৰলৈ আৰম্ভ কৰিছিল যাত্ৰা।
    একে সময়তে একে গাৱৰে কেইজনমান লোকে আহি আগচি ধৰে বিয়াৰ গাড়ী।
    কইনা সন্দৰ্ভত বিভিন্ন বদনামী বাক্য দৰা পক্ষক শুনায় আৰু দাবী ধমকী দিয়ে দৰা পক্ষক আৰু অৱশেষত কইনা এৰি থৈ যাবলৈ দৰা পক্ষক বাধ্য কৰায়।
    দৰা কইনাৰ সন্মতি সাপেক্ষে আয়োজন কৰা এই বিয়াত দুজনমান মুখীয়াল ব্যক্তিৰ কু চক্ৰান্তত অথন্তৰ সংঘটিত হয় বুলি ভুক্তভোগী পৰিয়ালে উল্লেখ কৰে।
    ঘটনা সন্দৰ্ভত ইতিমধ্যে কইনা পক্ষই এজাহাৰ দাখিল কৰে বালাপাৰা আৰক্ষী চকীত।
    বালাপাৰা আৰক্ষীৰ নিৰপেক্ষ তদন্তত ওলাই পৰিব প্ৰকৃত ঘটনাৰ আচল ৰহস্য।
    ঘটনা সন্দৰ্ভত আমাৰ এয়া প্ৰথম প্ৰতিবেদন। আগন্তক প্ৰতিবেদনত প্ৰতিটো দিশৰ ৰহস্য ফাদিল কৰি আমি প্ৰচাৰ কৰিম ঘটনাৰ A 2 Z
    কয়াকুছিৰ পৰা ৰফিকুল ইছলামৰ ৰিপোৰ্ট

Komentáře •