সুকন্নানী ওজাপালিৰ হাস্য-মধূৰ দৃশ্যাংশ।‌।খণ্ড নং-०৫।।

Sdílet
Vložit
  • čas přidán 5. 09. 2024
  • ওজাপালিৰ দৃশ্যাংশৰ এই অংশটোৱে অসমীয়া সমাজৰ বিশেষকৈ দৰং জিলাৰ গাৱলীয়া জীৱনৰ পৰম্পৰাগতভাৱে চলি অহা নতুবা দৈনন্দিন জীৱনত কৰি অহা কিছু কৰ্ম,ৰীতি-নীতি ধেমালীৰ চলেৰে দেখুৱাই হাস্যৰসৰ সঞ্চাৰ কৰাৰ চেষ্টা কৰিছে।ধৰ্মীয় ক্ৰিয়া - কলাপৰ স’তে ইয়াত সংস্কৃতি ওতপ্ৰোত ভাৱে জড়িত হৈ আছে। দৰ্শক‌‌ আৰু শ্ৰোতাৰ মনোৰঞ্জনৰ বাবে কিছু অংশ ধেমেলীয়া ভাৱে উপস্থাপন কৰিছে। কিছু অপ্ৰীতিকৰ বুলি যদি আপুনি ভাৱে তাৰ বাবে তেওঁলোকৰ হৈ মাৰ্জনা কাম্য...
    🔹ম'হ বলি আৰু অন্যান্য বলি পূজাৰ ভিডিঅ' তলৰ লিংকটোত গৈ চাব পাৰিব-
    • ম'হ বলি পূজা আৰু অন্যা...
    অসমৰ এটি প্ৰাচীন আৰু আপুৰুগীয়া নৃত্য হ’ল ওজাপালি নৃত্য। ই এক আপুৰুগীয়া অনুষ্ঠান আৰু প্ৰাাচীনমাৰ্গী নৃত্যৰ এক ঐতিহ্যবহনকাৰী নৃত্য। অসমীয়া গীতি সাহিত্যতো ওজাপালিৰ গীতে এটি বিশেষ স্থান অধিকাৰ কৰি আহিছে। আমাৰ সমাজত ধৰ্ম চেতনা আৰু ঐক্য চেতনাতো ওজাপালিয়ে গুৰুত্বপূৰ্ণ বৰঙণি যোগাই আহিছে। অসমত ওজাপালি অনুষ্ঠান কেতিয়াৰপৰা অনুষ্ঠিত হৈ আহিছে তাৰ সঠিক প্ৰমাণ পোৱা নাযায়। কিন্তু ই প্ৰাক- শঙ্কৰী যুগৰপৰাই জনপ্ৰিয়ভাৱে চলি আহিছে বুলি প্ৰমাণ পোৱা গৈছে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ধুৱাহাট বেলগুৰিত থকাৰ দিনতেই এই নৃত্য-কলাৰ সান্নিধ্যলৈ আহে। এই ওজাপালি নৃত্যানুষ্ঠানৰ জৰিয়তে গুৰুজনাই লোক সংগঠন আৰু লোক শিক্ষাৰ কাম সুকলমে কৰিছিল। বিশেষজ্ঞসকলৰ মতে সংস্কৃত ‘উপাধ্যায়’ শব্দৰপৰা ওজা আৰু ‘পালিত’ (শিষ্য) শব্দৰপৰা ‘পালি’ শব্দৰ পৰা ওজাপালি শব্দৰ সৃষ্টি হৈছে বুলি মত দাঙি ধৰিছে। ওজাপালিক কেবাটাও ভাগত ভগাব পাৰি যদিও ধৰ্মীয় আদৰ্শ ভেদে সাধাৰণতে এই ওজাপালি অনুষ্ঠানক দুই ভাগত ভগাব পাৰি। ভাগকেইটা হ’ল- (১) ব্যাসৰ ওজাপালি আৰু (২) সুকন্নানী ওজাপালি ৷
    এই ভিডিঅ'টি যিহেতু ওজাপালিৰ কিছু অংশ দেখুওৱা হৈছে সেয়ে ওজাপালিৰ প্ৰধান ভাগ দুটাৰ বিষয়ে চমুকৈ দিয়া হ'ল-
    ১/ব্যাসৰ ওজাপালি :- সাধাৰণতে ব্যাসৰ ওজাপালিত ৰামায়ণ আৰু মাহাভাৰতৰ আখ্যানসমূহ গোৱা হয় । অৰ্থাৎ ই হ’ল বৈষ্ণৱী সংগীত। গোৱাৰ লগে লগে তেওঁলোকে ভৰিৰে তাল ধৰি ৰাখে। ইয়াত খোল ব্যৱহাৰ কৰা নহয়, খুটি তাল ব্যৱহাৰ কৰা হয়।
    ২/সুকনান্নী ওজাপালি :- এই ওজাপালিত ওজাপালিজনে পদ্মপুৰাণ বা মনসা কাব্যৰ পদসমূহ গায়। এই পদ্মপুৰাণৰ পদসমূহ পাঁচটা ভাগত ভগাব পাৰি- (ক) দেৱখণ্ড (খ) বানিয়া খণ্ড (গ) ভাটিয়ালী খণ্ড (ঘ) স্বৰ্গাৰোহন খণ্ড আৰু (ঙ) পূজা খণ্ড। সাধাৰণতে সুকবি নাৰায়ণদেৱ ৰচিত মনসা পাচালীক লৈ এই ওজাপালি সংগীত গোৱা হয়। সেইবাবে এই ওজাপালিক সুকনান্নী ওজাপালি বুলি কোৱা হয় । মনসা পূজাৰ এটি অবিচ্ছেদ্য অংগ হৈছে এই ওজাপালি। দেওধনী নৃত্যৰ লগতো এই ওজাপালিৰ বিশেষ সম্বন্ধ আছে ।
    .
    ওজাপালি কাৰ্যত প্ৰদৰ্শন কৰা ভাগকেইটি হ’ল- ৰাগ, গীত, দিহা, থিয় পাতন, ৰাগ মালিতা, বাদ্য খিয়ালী, ধুৰা, বানা আৰু উপদেশ । ইয়াত বিশেষ বাদ্য-যন্ত্ৰ ব্যৱহাৰ কৰা নহয় যদিও খুটিতাল আৰু জয়ঢোল দুটা আৰু ভোৰতাল এযোৰ ব্যৱহাৰ কৰা হয় । ওজাপালি নৃত্যত ব্যৱহাৰ কৰা সাজ-পাৰ সমূহ অতি সাধাৰণ। বৰ্তমান সত্ৰীয়া নৃত্যই ওজাপালিকো সামৰি লৈছে যদিও সত্ৰীয়া নৃত্যতকৈ ওজাপালি অলপ বেলেগ ।

Komentáře • 6

  • @rinkukalita1753
    @rinkukalita1753 Před 2 lety +1

    Bahut vl lagil videotu sai

  • @dilipdas9924
    @dilipdas9924 Před 2 lety

    মজা

  • @rinkukalita1753
    @rinkukalita1753 Před 2 lety +1

    Moh bolir video ase jadi dibson.

    • @anyaekbarta4606
      @anyaekbarta4606  Před 2 lety

      সঁহাৰিৰ বাবে ধন্যবাদ।ক্ষমা কৰিব! সেইদিনা বলিৰ ভিডিঅ' কৰা নহ'ল...পিছলৈ নিশ্চয়কৈ দিবলৈ চেষ্টা কৰিম।

    • @rinkukalita1753
      @rinkukalita1753 Před 2 lety

      @@anyaekbarta4606 ako ni diyok.pist ketiyaba dib.

    • @anyaekbarta4606
      @anyaekbarta4606  Před rokem

      czcams.com/video/9P-6idmBs_E/video.html
      ম'হ বলিৰ ভিডিঅ' দিয়া হৈছে। লিংকত গৈ চাব পাৰিব।