চাই বিকাশৰ ৰাজেশ বাবুৰ ঘটনাৰ পাছতেই এজন উদণ্ড ছাত্ৰৰ হাতত অপমাণিত হ'ল আন এজন শিক্ষক

Sdílet
Vložit
  • čas přidán 8. 07. 2024
  • চাই বিকাশৰ ৰাজেশ বাবুৰ ঘটনাৰ পাছতেই এজন উদণ্ড ছাত্ৰৰ হাতত অপমাণিত হ'ল আন এজন শিক্ষক
    • ঘৰলৈ পঢ়োবলৈ অনা এজন ছা...

Komentáře • 506

  • @nilakshithakuria4247
    @nilakshithakuria4247 Před 12 dny +11

    সুন্দৰ বিষয় বাছনি কৰিছে আপুনি। সকলোৰে অভিনয় সুন্দৰ হৈছে। বৰ্তমান সময়ত এয়া এক চিৰ পৰিচিত দৃশ্য হৈ পৰিছে। এতিয়া ছাত্র-ছাত্ৰীৰ ব্যৱহাৰ দেখিলে শ্ৰেণীকোঠাত যাবলৈ মন নোহোৱা হয়। মুখে মুখে উত্তৰ দিয়ে, সিহঁতৰ ভালৰ বাবে কৰিব দিয়া একো কামেই নকৰে, অবাধ্য হৈ পৰিছে। অভিভাৱকসকলতো দায়ী হয়েই। লগতে শিক্ষা ব্যৱস্থাও দায়ী বুলি অনুভৱ হয়। "চেকনিৰ আগত বিদ্যা"--যেতিয়া প্ৰযোজ্য হৈ আছিল তেতিয়া গুৰু-শিষ্যৰ মাজত এক পবিত্র সম্পর্ক বিৰাজ কৰিছিল। যেতিয়াৰ পৰা এই প্ৰথা আঁতৰাই দিয়া হ'ল, তেতিয়াৰপৰা ছাত্র-ছাত্ৰীসকলেও গুৰু গোঁসাই নমনা হ'ল। মোবাইল, স্কুটি, কম্পিউটাৰ এইবিলাক দিছে ভালৰ বাবে। কিন্তু ছাত্র-ছাত্ৰীয়ে এইবিলাক পাই পঢ়া-শুনাৰ কথা পাহৰি গ'ল। ফলস্বৰূপে পৰীক্ষাৰ ফলাফল বেয়া হ'বলৈ ধৰিলে। দুৰ্ভাগ্যক্ৰমে তাৰ বাবেও শিক্ষাগুৰুসকলকেই দোষাৰোপ কৰা হ'ল। আমি পঢ়ি থকা দিনবোৰেই ভাল আছিল। শ্ৰদ্ধা, ভয়, ভক্তি, মৰম, দয়া এইবিলাক বিয়পি আছিল চাৰিওফালে। বিদ্যালয়খনক সঁচাকৈয়ে মন্দিৰ যেন লাগিছিল।

  • @kamalakantanath2896
    @kamalakantanath2896 Před 11 dny +3

    বহুত ভাল লাগিল।

  • @kripalibhuyan5326
    @kripalibhuyan5326 Před 14 dny +28

    এয়া শিক্ষক এজনে শ্ৰেণীকোঠাত সন্মুখীন হোৱা সমস্যাসমূহৰ এটা উদাহৰণ । এনেকুৱা সহস্ৰ সমস্যাৰ মুখামুখি হ'ব লাগে শিক্ষকে । সকলো ছাত্ৰ ছাত্ৰীৰ মানসিক জগতখন বেলেগ । এজন শিক্ষকে এই সকলোবোৰ দিশ চাব লগা হয় । তথাপি আঙুলি উঠে শিক্ষকলৈ । বৰ সুন্দৰ বাৰ্তা দিছা । সকলোৰে অভিনয় খুব ভাল হৈছে, ভাল লাগিল

  • @visionarylife1380
    @visionarylife1380 Před 12 dny +14

    সচা অৰ্থত প্ৰকৃত নৈতিক শিক্ষা, সুন্দৰ উপস্থাপন... ধন্যবাদ।

  • @debojitboruah7459
    @debojitboruah7459 Před 12 dny +3

    তীব্ৰ হাৰত সলনি হ'বলৈ ধৰা নতুন প্ৰজন্মৰ মানসিকতাই শৈক্ষিক-সামাজিক তথা সচেতন মহলক চিন্তিত কৰি তোলাৰ লগতে এনে ছাত্ৰক লৈ বিমোৰত পৰিছে আজিৰ শিক্ষক সমাজ। গুৰুৱে যদি ছাত্ৰক অনুশাসনেই নকৰে তেন্তে আমাৰ ভৱিষ্যত কোনে গঢ় দিব? অনুশাসন লাগিবই। অনুশাসন নহ'লে এখন শিক্ষানুষ্ঠান কেতিয়াও নচলে। কিন্তু বৰ্তমান সময়ত এচাম ছাত্ৰ-ছাত্ৰীক শিক্ষকে অনুশাসন কৰাটোৱেই যেন কাল হৈ পৰিছে। শিক্ষাগুৰুৱে নিজে অন্ধকাৰত থাকি আমাৰ দৰে ছাত্ৰ-ছাত্ৰী সকলক জ্ঞানৰ পোহৰ বিলাই। তেনেস্থলত এগৰাকী ছাত্ৰৰ হাতত শ্ৰেণীকোঠাতে শিক্ষক নিহত হোৱা ঘটনা সঁচাই বৰ দুখলগা আৰু দূৰ্ভাগ্যজনক।
    ছাৰ আপুনি সুন্দৰ বাৰ্তা এটা প্ৰেৰণ কৰিছে সমাজলৈ...ভাল লাগিল❤

  • @DebanandaSaikia-ek3jo
    @DebanandaSaikia-ek3jo Před 12 dny +2

    সকলোৰে অভিনয় natural হৈছে। script নিখুট। সকলোৰে মংগল তথা উন্নতি কামনা কৰিলো।

  • @DuluBora-pq3to
    @DuluBora-pq3to Před 14 dny +63

    বহুত ভাল লাগিল ঘৰখনে শিক্ষাৰ কঠিয়াতলী ধন্যবাদ ,🙏🙏🙏

  • @niruhazarika2350
    @niruhazarika2350 Před 14 dny +11

    ভাল লাগিল।এগৰাকী শিক্ষয়িত্ৰী হিচাপে আপোনাৰ ক্লাছ টোৱে অন্ত স্পৰ্শ কৰে গৈছে লগতে আমাৰ ছাত্ৰ আৰু শিক্ষক ,অভিভাৱকৰ কৰ্তব্য দায়িত্ব বিষয়ে সোৱৰাই দিছে । সমস্যা সমাধানৰ পথ ওলাইছে ধন্যবাদ🙏

  • @polashboruah2851
    @polashboruah2851 Před 14 dny +28

    নতুন প্রজন্মৰ কাৰনে অভিভাবক সকল সচেতন হওক, আজিৰ সন্তান কাইলৈ নাগৰিক, অতি মৰমেৰে সন্তান ভবিষ্যতে বিপদে গতি কৰে। চাৰ সুন্দৰ, আপোনাক ধন্যবাদ🙏🙏

  • @r.hazarika9231
    @r.hazarika9231 Před 14 dny +42

    খুবেই সুন্দৰ উপস্থাপন শৈলীৰে প্ৰস্তুত কৰা ভিডিঅ'টো চাই বহুত ভাল লাগিল।সমাজলৈ এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক 🙏

    • @atulhazarika4227
      @atulhazarika4227 Před 13 dny

      অতি সুন্দৰ সমাজৰ উপযোগী ভিডিঅ'।

  • @gongkachari1535
    @gongkachari1535 Před 12 dny +1

    ধন্যবাদ চাৰ, আপুনি আজিকালি হয় থকা সমাজৰ একেবাৰে সঁচা ছবিখনকে ভিডিঅ'ৰ যোগেদি দেখুৱাইছে, আজিকালি কিছুমান নৱপ্ৰজম্মৰ অভিভাৱক সকল এনেকুৱাই, সঁচাকৈ সমাজখন দিনক দিনে অধঃপটনে হে গৈ আছে।

  • @ArpanSaikia-ld1rv
    @ArpanSaikia-ld1rv Před 12 dny +5

    Hundor hoise

  • @pirendranrbaruah3470
    @pirendranrbaruah3470 Před 13 dny +2

    অতি সুন্দৰ চাৰ ।আপোনাৰ ব্যৱহাৰে মোক অতিকৈ মনত আনন্দিত কৰি তুলিছে চাৰ ।আপোনাক শত শত প্ৰণাম জনালোঁ ।

  • @NebedataBoruah-wz1rr
    @NebedataBoruah-wz1rr Před 12 dny +2

    অতি সুন্দৰ উপস্থাপন। মাথো চিন্তা হয় এনেবোৰ উদন্দ ল'ৰা ছোৱালীৰ বাবে

  • @user-pk1eg4qx8l
    @user-pk1eg4qx8l Před 14 dny +35

    সুন্দৰ উপস্থাপন ৷ ভাল লাগিল বহুত ৷

  • @ashokdas8961
    @ashokdas8961 Před 14 dny +8

    নিজৰ ভূল নিজে নেদেখিলে বা উপলব্ধি নকৰিলে আৰু নিজে নিজক শুদ্ধ্ নকৰিলে এই পৃথিৱীত কোনেও কাকো শুদ্ধ্ বা ভাল পথত আনিব নোৱাৰে । সেইয়া কোনো পিতৃ- মাতৃয়েই হওক বা শিক্ষক- শিক্ষয়িত্ৰীয়েই হওক । শেষত অভিনয় কৰা শিক্ষক, ছাত্ৰ ছাত্ৰীৰ লগতে সকলো লৈকে অভিনন্দন ও ধন্যবাদ জনালো ।

  • @dipankarborah6468
    @dipankarborah6468 Před 12 dny +2

    সুন্দৰ প্ৰদৰ্শন। বৰ্তমান সমাজৰ বাবে বহুত ধুনীয়া বাৰ্তা 🙏🙏🙏

  • @DilipBharali-j1y
    @DilipBharali-j1y Před 14 dny +6

    খুব সুন্দৰ বাৰ্তা , বহুত ভাল লাগিল।ছাৰ আপুনি মহান । সময় উপযোগী এখন ছবি উপস্থাপন কৰিছে।

  • @binitasahariah9794
    @binitasahariah9794 Před 13 dny +4

    সুন্দৰ ছাৰ।অভিভাবক সকল সচেতন হব হল।সুন্দৰ পদক্ষেপ

  • @bishnuchangmai950
    @bishnuchangmai950 Před 13 dny +2

    মহাশয়ে অতি সুন্দৰ নিদৰ্শন ৰে ছাত্ৰ সমাজক আৰু অভিভাৱক স্ংশোধন কৰি সমাজখনক আগবঢ়ায় নিবলৈ যি চেষ্টা কৰিলে তাৰ বাবে শিক্ষকক অতুলনীয় সেয়া আগবঢ়ালো।❤

  • @runuchetia1658
    @runuchetia1658 Před 12 dny +2

    সুন্দৰ উপস্থাপন শৈলি!সকলো শিক্ষক আৰু অভিভাৱক এনেদৰে আগুৱাই আহিলেহে শিক্ষক আৰু ছাত্ৰৰ সমন্নয়ৰ ক্ষেত্ৰখন সুন্দৰ হব।

  • @ghonakhongia6438
    @ghonakhongia6438 Před 14 dny +2

    উপযুক্ত সময়ত উপযুক্ত শিক্ষা, বহুত ভাল লাগিল, ধন্যবাদ।

  • @sushilkonwar7012
    @sushilkonwar7012 Před 14 dny +6

    সুন্দৰ , অতি সুন্দৰ আৰু মনোগ্ৰiহি হৈছে ---- এনেকৈ ই সজাগতা আনিলে -- নিশ্বয় কৈ এদিন -- শিক্ষক ছাত্ৰ ছাত্ৰীৰ মাজত -- সুসমন্ধ গঢ়ি উঠিব -- অভিভাৱক সকলেও -- নিজৰ লৰা ছোৱালীৰ ওপৰত --- নজৰ ৰাখি ভাল পথে --- পৰিচালিত কৰাৰ বাবে -- যত্নপৰ হব আৰু এনেকৈ -- সুশৃংখল সমাজ গঠন -- প্ৰক্ৰিয়াত অৰিহণা যোগাব ---- তাৰেই কামনাৰে --
    -------_---- অশেষ অশেষ
    ধন্যবাদ চাৰ

  • @umeshknwr9667
    @umeshknwr9667 Před 14 dny +12

    সুন্দৰ উপস্থাপন । অভিভাবক সকললৈ এক সুন্দৰ বাৰ্তা ।

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Před 14 dny +11

    খুব সুন্দৰ বাৰ্তা, ভাল লাগিল 🙏🏻

  • @purbakantabarman431
    @purbakantabarman431 Před 14 dny +17

    শিক্ষক আৰু ছাত্ৰৰ মাজত মধুৰ সম্পৰ্ক থকা উচিত। ছাত্ৰ ছাত্ৰীৰ মনৰ অৱস্থা বুজি পোৱাটো শিক্ষকৰ এক গুৰু দায়িত্ব। অভিভাৱকৰ দায়িত্ব আৰু বেছি। কিছুমান অভিভাৱকে ল'ৰা ছোৱালী ৰ সন্মুখত শিক্ষকৰ সমালোচনা কৰে, এইটো মহা অপৰাধ।

    • @tsgelisha4267
      @tsgelisha4267 Před 9 dny

      অতি সুন্দৰ উপস্হাপন ধন্যবাদ ❤❤❤❤❤❤

  • @ngiphewmanhai7372
    @ngiphewmanhai7372 Před 12 dny +3

    সমপয়োগী উৎসিত শিক্ষামূলক video নাট্য কাৰ আৰু অভিনেতা সকলক অশেষ ধন্যবাদ।

  • @muned6442
    @muned6442 Před 14 dny +8

    ছাৰ আপুনি খুব ভাল কথা কৈছে,আপুনাক মই প্ৰণাম জনাও🙏🙏🙏🙏🙏🙏

  • @bontiborah7476
    @bontiborah7476 Před 13 dny +2

    সুন্দৰ কথা কৈছে 🙏🙏🙏

  • @jyotishmansportschannel5948

    সুন্দৰ কথা কৈছে, সকলোকে ভগৱানে শক্তি দিয়ক

  • @ritabora3981
    @ritabora3981 Před 13 dny +2

    Ati hundor. Bohut val lagil.

  • @bijoyadevi343
    @bijoyadevi343 Před 14 dny +23

    এইবোৰ video জানো সেইচাম ল'ৰা ছোৱালীয়ে চাব মূখবোৰে নাচায়। ভাল লাগিল। ধন্যবাদ।

  • @nagenchandragohain6809
    @nagenchandragohain6809 Před 12 dny +8

    এনে পৰিস্থিতিৰ সন্মুখীন মই বহু বাৰ হৈছোঁ,যেতিয়া ৰ পৰা চেকনি আগত বিদ্যা নাইকীয়া হল।এতিয়া অৱসৰি জীৱন।বিন্দাছ।

  • @user-cd4xs1fh2q
    @user-cd4xs1fh2q Před 14 dny +31

    সুন্দৰ উপস্হাপন। সঙস্কাৰ মুখী মেচেজ

  • @sonitsaikia1884
    @sonitsaikia1884 Před 14 dny +6

    উচিত বাৰ্তা.. ভাল লাগিল🙏 গুৰু- শিষ্যৰ চিন বৰ অত্যাবশকীয়।

  • @prabinsaikia397
    @prabinsaikia397 Před 13 dny +1

    চাৰ আজি নৱ প্ৰজন্মৰ লগতে অভিভাৱকসকলৰ বাবে আপুনি সুন্দৰ উদাহৰণ দাঙি ধৰিলে তাৰবাবে আপোনাক অশেষ ধন্যবাদ ।

  • @momasvlog6238
    @momasvlog6238 Před 14 dny +14

    অভিভাৱক সকল এনেকুৱা হলেহে আৰু এজন শিক্ষকক হেৰুৱাব লগা নহয়। কথাখিনি ভাল লাগিল ।

  • @barnalisootea9574
    @barnalisootea9574 Před 12 dny +1

    শিক্ষক জনক কৰা অপমান দেখি বুকুখন কঁপি উঠিল যদিওবা এইটো ভিদিঅ। শিক্ষা থাকি শিষ্টাচাৰ নাথাকিলে সেই শিক্ষাৰ মুল্য নাই। আপোনাৰ ভিদিঅ টোৱে এটা বহুত ধুনীয়া বাৰ্তা প্ৰেৰণ কৰিছে। শুভেচ্ছা জনালো শিক্ষা গুৰুজনাক 🙏🙏🙏

  • @LakshmanKrRay
    @LakshmanKrRay Před 14 dny +7

    চাৰৰ বুজনিটো খুৱ ভাল লাগিল ॥

  • @debakumardas2207
    @debakumardas2207 Před 14 dny +2

    চাৰ জনে সুনদৰকৈ পঢ়াই থকা দেখা গৈছে গাৰজেনে ভুলবুজিলে শিক্ষকৰ মনত আঘাত দিয়া হয়

  • @dineshsarania4834
    @dineshsarania4834 Před 14 dny +6

    উত্তম উপস্থাপন,প্ৰতিজন ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে অনুকৰণ কৰক।

  • @babulnath1081
    @babulnath1081 Před 14 dny +29

    খুব ভাল হৈছে ছাৰ,বৰ চিন্তানীয় বিষয় যি ঘটনা হৈ গ'ল।

  • @SarbeswariBora
    @SarbeswariBora Před 14 dny +4

    বহুত ভাল লাগিল সমাজ আৰু ছাত্ৰ ূছাতিলৈ বহুত ভাল শুভ বাত। ধন্যবাদ।

  • @nityagogoi478
    @nityagogoi478 Před 6 dny +1

    সুন্দৰ উপস্থাপন , প্ৰজন্মৰ দোষ নাই , থুৰতে কবলৈ গলে , চৰকাৰৰ ভূল নিতিৰ বাবেই এনে হবলৈ পাইছে ,
    সমষ্ট শিক্ষা বিভাগটো চৰকাৰে নিজৰ হাতত ৰাখিব লাগিছিল , অভিভাৱক সকলো জানো ক’ম , হেজাৰ হেজাৰ ল’ৰাছোৱালীক ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত পঢ়িবলৈ দি প্ৰত্যেকেই ডক্তৰ ইঞ্জিনীয়াৰ হৈ দিব লাগে , শিক্ষকক লাগে বিদ্যালয়ৰ নাম , গতিকে দুই মহৰ যোজত প্ৰজন্মৰ মৰণ , যদি ডক্তৰ ইঞ্জিনীয়াৰেই সকলোৱে হৈ দিব লাগে সমাজত মানুহ নো কোনবোৰ হৈ দিব ? ? ?

  • @dibyajyotibaruahdibyajyoti6312

    বহুত ধুনিয়া।, ইয়াৰ পৰা সকলোৱে শিক্ষা লব লাগে ।🙏🙏🙏

  • @JikMikDailyLife
    @JikMikDailyLife Před 14 dny +14

    বৰ সুন্দৰ উপস্থাপন ভাল লাগিল

  • @swapnaligogoi2235
    @swapnaligogoi2235 Před 12 dny +1

    ভাল লাগিল।নৱ প্ৰজন্মক ঘৰতেই প্ৰথম শিক্ষা দিব লাগিব ভাল মানুহ হ'বলৈ। তাৰ পিছতহে স্কুলৰ শিক্ষা।চাৰে ইমান সুন্দৰকৈ বুজাই থকাৰ পিছত ল'ৰাজনৰ কাণ্ড কাৰখানা আমাৰো সহ্য হোৱা নাই।সকলো ভাল হওক তাৰেই কামনা কৰিলোঁ।

  • @ranjitadeori6018
    @ranjitadeori6018 Před 14 dny +10

    বহুত সুন্দৰ নিদৰ্শন দেখুৱাইছে ধন্যবাদ থাকিল 🎉🎉

  • @manalishagogoi8510
    @manalishagogoi8510 Před 13 dny +1

    সুন্দৰ উপস্থাপন ভাল লাগিল ছাৰ

  • @jitaduttasaikia3972
    @jitaduttasaikia3972 Před 14 dny +8

    সুন্দৰ বাৰ্তা।বৰ ভাল লাগিল।

  • @krishnachutia599
    @krishnachutia599 Před 14 dny +3

    উঠি অহা প্ৰজন্মলৈ ই এটি অতি শুভ বাৰ্তা ।ছাত্ৰ-শিক্ষক আৰু অভিভাৱকৰ ই প্ৰকৃত সম্পৰ্ক আৰু কৰ্ত্তব্য সোঁৱৰাই থাকিব ।

  • @ShubhraPrateemHazarika
    @ShubhraPrateemHazarika Před 14 dny +6

    সুন্দৰ উপস্থাপন । খুউব ভাল লাগিল

  • @7gc970
    @7gc970 Před 13 dny +1

    বহুত ভাল লাগিল শিক্ষক আৰু ছাত্ৰৰ মাজত গুৰু শিষ্যৰ সম্পৰ্ক থাকিব লাগে । ঘৰত যি লৰাৰ ছোৱালীৰে ঘৰত ভাল শিষ্যৰছা নেজানে সেই লৰা ছোৱালীৰে সমাজত কেতিয়া ভাল হব নোৱাৰে ।

  • @banashrigoswami5092
    @banashrigoswami5092 Před 13 dny +1

    সুন্দৰ উপস্থাপন ভাল লাগিল চাই

  • @user-uk7hi9yn1g
    @user-uk7hi9yn1g Před 13 dny +1

    সুন্দৰ উপস্থাপন ছাৰভালাগিল

  • @Shua_098
    @Shua_098 Před 13 dny +1

    Apuni hamajar bastapic ghatana bur oprat video juge diya batrabilak khubai praujan ase. Thank u , sir. Students should learn from these kind of videos.

  • @surabhibaruah8953
    @surabhibaruah8953 Před 14 dny +1

    অতি সুন্দৰ বাৰ্তা

  • @rajibborah9728
    @rajibborah9728 Před 14 dny +6

    সুন্দৰ। সংলাপ, অভিনয় আৰু বাৰ্তা - এক অভিনৱ সংযোজন । এনে ধৰণৰ বিষয় বস্তু নিৰ্বাচন কৰাটো সময়ৰ আহ্বান আৰু হেইছাম ছাত্ৰ ছাত্ৰী যাক কেৱল সংশোধন অবশ্যে প্ৰয়োজন।

  • @babitatamuliborah7986
    @babitatamuliborah7986 Před 13 dny +3

    বৰ ভাল লাগিল ভিডিঅ'টো ।অনুকৰণীয় ‌

  • @atulborah7700
    @atulborah7700 Před 14 dny +16

    চাৰ আজি নব প্ৰজমৰ বাবে আপোনিসুন্দৰ এটা উদাহৰন দাঙিধৰিলে ।তাৰবাবে ধন্যবাদ ।

  • @itz__biraj__0.2
    @itz__biraj__0.2 Před 10 dny +1

    বহুত ভাল দৰে অভিনয় কৰিছে।।।
    আপোনাৰ মঙ্গল হওঁক চাৰ!

  • @binaborah3712
    @binaborah3712 Před 14 dny +9

    বহুত ভাল শিক্ষা❤ মহোদয়❤❤❤❤ মনটো ভাল লাগি গল

  • @SubhanSaikia-cs9xe
    @SubhanSaikia-cs9xe Před 11 dny

    ভাল লাগিল ছাত্র আৰু অভিভাৱক সকলক এটা সুন্দৰ বাৰ্তা দিলে ধন্যবাদ

  • @minakshiburagohain9060
    @minakshiburagohain9060 Před 13 dny +1

    সুন্দৰ। ভাল লাগিল

  • @bhobeshkumarsingh6664
    @bhobeshkumarsingh6664 Před 14 dny +1

    বিৰাট ভাল লাগিল আপোনাৰ মতিভেচন।

  • @balendas4511
    @balendas4511 Před 9 dny +1

    অভিভাৱক অভিভাবিকা সকল সচেতন হ ওক। শিক্ষকক সন্মান কৰা উচিত।

  • @mamonisaikia304
    @mamonisaikia304 Před 14 dny +10

    অতি সুন্দৰ

  • @jogenkalita4268
    @jogenkalita4268 Před 14 dny +3

    ছেকনিৰ আগত বিদ্যা মোৰ দৃষ্টিত সচা কথা কিন্তু কিছু পিতৃ-মাতৃ সন্তানৰ মৰমত অন্ধ হৈ এৰি দিয়ে আকৌ এছাম বুদ্ধীজীৱিয়ে আৰুস সংস্কাৰহীন ব্যক্তিয়ে মৰম আৰু আদৰেৰে শ্ৰেণীতপাঠদান কৰাৰ কথাকৈ শিক্ষকক দিবখোজা নীতি শিক্ষাৰেই অংশবিশেষ বুলি কব খুজিছো ।সাবধান পিতৃ-মাতৃ সকল সন্তানক সংস্কাৰীহবলৈ শিকাওক।

  • @gitaborah4379
    @gitaborah4379 Před 9 dny +1

    বহুত ভাল লাগিল সুন্দৰ পদক্ষেপ

  • @abdulkhalequemondal9591
    @abdulkhalequemondal9591 Před 13 dny +1

    Natok to akebare bastob jen lagise, bahut val lagil, dhonnyabad.

  • @maheawarhazarika2643
    @maheawarhazarika2643 Před 14 dny +3

    ভাল লাগিল ছাত্র ৰ লগতে শিক্ষা গুৰু ও ভাল হব লাগিব ,

  • @palashpratim2809
    @palashpratim2809 Před 14 dny +4

    অভিভাৱকসকলেও সৰুৰে পৰাই নিজৰ সন্তানক নিজে নিজৰ পাঠৰ পৰা জ্ঞান আহৰণ কৰিবলৈ প্ৰেৰণা দিব লাগে, অৰ্থাৎ ম‌ই কৈছোঁ স্বাৱলম্বীভাৱে নিজৰ জ্ঞান অৰ্জন কৰাটো, কথাটো ভাবি চালে অসম্ভৱ নহয় কিন্তু।😊

  • @user-dx3ys4zd4c
    @user-dx3ys4zd4c Před 14 dny +5

    অতি সুন্দৰ উপস্থাপন । ধন্যবাদ।

  • @sarbanandagogoi6549
    @sarbanandagogoi6549 Před 14 dny +1

    অতি সুন্দৰ এটা গঠনমুলক অভিনয় হৈছে।

  • @surendrasarma3471
    @surendrasarma3471 Před 13 dny +1

    প্ৰকৃত শিক্ষক এজনে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা ভাবি শিক্ষাদান কৰে সেইখিনি কথা যদি ছাত্ৰ ছাত্ৰী জনে বুজা উচিত, যদি এইখিনি কথা বুজি নাপায় তেতিয়াহলে তেওঁৰ জীৱন ধ্বংসৰ ফালে আগুৱাই যাব।

  • @kuladharpathak8632
    @kuladharpathak8632 Před 14 dny +4

    Sir আপোনাক ধন্যবাদ।

  • @beaulaboruahmoran4697
    @beaulaboruahmoran4697 Před 14 dny +1

    Val Lagil Danyabad

  • @user-fu6di7jy7u
    @user-fu6di7jy7u Před 10 dny

    সঁচাই এজন শিক্ষক বহুত মহান ,সেয়ে কোৱা হৈ মা - দেউতাৰ পাছতেই গুৰুৰ স্থান । এজন ছাত্ৰ হিচাপে মই ইমান টো অনুমান কৰিবলৈ সক্ষম হৈছোঁ যে দৰমহা পালেও এজন শিক্ষককে আমাক যি শিকাই বা জীৱনত যুদ্ধত জয়ী হোৱাৰ যি মন্ত্ৰ শিকাই ,নিজেই জ্বলি জ্বলি তাৰ তুলনা কেতিয়াও এটা সামান্য দৰমহাৰ লগত কৰিব নোৱাৰি । পৃথিৱীত মা - দেউতাৰ পিছত এজনেই এনে ব্যক্তি আছে যি আমাৰ উন্নতিত অন্তৰেৰে সুখী হয় । শিক্ষক ছাত্ৰৰ সম্বন্ধ সঁচাই বৰ মধুৰ কিন্তু আজিৰ কিছুমান উদণ্ড ছাত্ৰ - ছাত্ৰীৰ বাবে এই সম্পৰ্ক আগৰ সমান মধুৰ হৈ থকা নাই । আজি কালি যেন বহু ছাত্ৰই শিক্ষকক শ্ৰদ্ধা নকৰে । মই যদিও এজন দ্বাদশ শ্ৰেণীৰ ছাত্ৰ তথাপি মই 6,7 নৰ ল'ৰা ছোৱালীক ঘৰতে পঢ়ুৱাও গতিকে শিক্ষকৰ কষ্ট আৰু মৰমৰ এজন ছাত্ৰৰ প্ৰতি কেনেকুৱা ভাল দৰে অনুভৱ কৰিব পাৰোঁ । আচলতে আজি কালি ছাত্ৰ - ছাত্ৰীৰ মূল্যবোধৰ স্খলন ঘটিছে । ই সঁচাই বৰ্তমানৰ এক চিন্তনীয় বিষয় । যেতিয়া লৈকে আজিৰ প্ৰজন্মই নিজৰ মূল্যবোধ ভাল দৰে গঢ়ি তুলিবলৈ চেষ্টা নকৰে তেন্তে কিন্তু সমাজ অতি বেয়া দিশলৈ গৈ থাক টো এশ শতাংশই নিশ্চিত। বাৰু যি কি নহওঁক ভিদীও টো চাই বহু কথা শিকিলোঁ । ধন্যবাদ জনালো ।

  • @dilipsaikia2179
    @dilipsaikia2179 Před 14 dny +6

    শ্ৰীমন্তক ধন্যবাদ জনাইছোআশা ৰাখিম উঠিঅহা ল'ৰা -ছোৱালীয়ে এই বিলাক চাই জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনালোঁ।

  • @user-rs3tf1dz1j
    @user-rs3tf1dz1j Před 12 dny +1

    Bhal lagil. Aponar vidioto Sai. Soku mel khuyabo jane apuni. Thanks

  • @user-qh6px1pe7c
    @user-qh6px1pe7c Před 9 dny +1

    ছাৰ সকলে কোনো কাৰণতেই ভয় নাখাব, আপোনালোক দ্বিতীয় সূৰ্য। আপোনাৰ কথাত ময়ো একমত, ভগৱানে শক্তি দিয়ক আপোনাক

  • @banadanagogoi9492
    @banadanagogoi9492 Před 11 dny +1

    বহুত ভাল লাগিল। মনোগ্রাহী হৈছে

  • @durgawatibhattacharjee2351

    Thanks sir. I am also a one of the retired teacher from sivasagar.but lam now in Bangalore. Iam so hsppy.thanks again to you....maya

  • @lakhimiacreativemind
    @lakhimiacreativemind Před 14 dny +8

    সুন্দৰ বাৰ্তা

  • @ratulbhuyanstutorial9582
    @ratulbhuyanstutorial9582 Před 14 dny +4

    বহুত ভাল লাগিল l আহঁক আমিও এনে ধৰণৰ হও l নিজৰ ভূল আমি উপলব্ধি কাৰো l

  • @bishubjyotisenapoti9192
    @bishubjyotisenapoti9192 Před 14 dny +13

    ছাৰ আপুনি ইমান ধুনীয়াকৈ পিতৃ মাতৃ আৰু সন্তানক লৈ উঠি অহা নতুন যুৱ প্ৰজন্মলৈ যি সজাগতা মূলক বাৰ্তা আপোনাৰ চেনেলৰ যোগেদি প্ৰেৰণ কৰিছে, এইটো সঁচাই এটা উল্লেখযোগ্য বিষয়। ছাৰ আপোনাৰ উপস্থাপন খুবেই সুন্দৰ,শুভেচ্ছা থাকিল।

  • @nilimaboruh4123
    @nilimaboruh4123 Před 14 dny +7

    ধন্যবাদ ছাৰ।

  • @DeepaDevi-pf1de
    @DeepaDevi-pf1de Před 13 dny +1

    সুন্দৰ উপস্থাপন,ভাল লাগিল।ধ্যনবাদ।

  • @assamnoobgamer9752
    @assamnoobgamer9752 Před 14 dny +1

    বৰ সুন্দৰ হৈছে। বহুত‌ ভাল লাগিল।❤🎉❤🎉❤🎉

  • @Kml20135
    @Kml20135 Před 14 dny +128

    Sir apunar vidieo bor bht val lage❤❤❤val msg diye apuni ..vagabane apunak aru aguyai niyak..❤❤

  • @gardeningwithlipika3537
    @gardeningwithlipika3537 Před 14 dny +3

    ভাল লাগিল। সমাজলৈ এটা সুন্দৰ বাৰ্তা।

  • @rinkudeka3256
    @rinkudeka3256 Před 12 dny +2

    বহুত ভাল লাগিল ছাৰ

  • @puspanjali1111
    @puspanjali1111 Před 14 dny +5

    Aapunar agar vdo buro sundar haise really informative

  • @mintugogoi7031
    @mintugogoi7031 Před 14 dny +4

    বৰ সুন্দৰ উপস্থাপন ।ধন্যবাদ আপোনাৰ v d o বিলাক চাই ভাল লাগিছে ।

  • @rumineog6736
    @rumineog6736 Před 14 dny +1

    সুন্দৰ পদক্ষেপ❤❤❤❤❤

  • @naimchowdhury9586
    @naimchowdhury9586 Před 14 dny +11

    ধুনীয়া হৈছে , শিক্ষকক সম্মান কৰিব লাগে ১০০% কাৰন মইয়ো এজন শিক্ষক ।কিন্তু নতশিৰ কেৱল ভগৱান বা আল্লাহৰ ওচৰত

  • @Swastikacooking579
    @Swastikacooking579 Před 14 dny +3

    সুন্দৰ অভিনয় ❤❤❤

  • @monjurikagogoi1406
    @monjurikagogoi1406 Před 14 dny +1

    ছাত্ৰ শিক্ষক আৰু অভিভাৱকৰ সমন্বয় ত হে এজন ছাত্ৰ প্ৰকৃত মানুহ হব পাৰে।VDO টো উপযুক্ত সময়ৰ উপযুক্ত বাৰ্তা। নমস্কাৰ।🎉

  • @kanakchaudhary5222
    @kanakchaudhary5222 Před 14 dny +1

    ছাৰ আপোনাক ধন্যবাদ।

  • @bababorah9085
    @bababorah9085 Před 14 dny +1

    সুন্দৰ বাৰ্তা।